অসম সাহিত্য সভা

অসমৰ আটাইতকৈ পুৰণি সাহিত্য আৰু সাংস্কৃতিক সংগঠন অসম সাহিত্য সভাৰ জন্ম হৈছিল ১৯১৭ খ্ৰীষ্টাব্দত। মূলতঃ ইয়াৰ আগতে কলকাতাত অধ্যয়নৰত এচাম অসমীয়া ছাত্ৰই গঢ়ি তোলা ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ আৰু ‘অসমীয়া সাহিত্য সংগঠন’ দুটিৰ উদ্যোগতেই অসম সাহিত্য সভাৰ সূচনা হৈছিল।

বিশিষ্ট সাহিত্যিকদ্বয় পদ্মনাথ গোহাঞিবৰুৱা আৰু শৰৎচন্দ্ৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ যথাক্ৰমে প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। সভাৰ প্ৰধান কাৰ্যালয় যোৰহাটত আৰু আন ন টা আঞ্চলিক কাৰ্যালয় গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত অৱস্থিত। সভাৰ জিলা সাহিত্য সভাৰ সংখ্যা বত্ৰিছখন। এই জিলা সাহিত্য সভাসমূহৰ অধীনত সভাৰ এহাজাৰৰো অধিক শাখা সাহিত্য সভা আছে। ভাৰতবৰ্ষ আৰু বিদেশতো বিভিন্ন ঠাইত সভাৰ শাখা আছে। এইবোৰ হ’ল – ক’হিমা, আইজল, ছিলং, পাছিঘাট, কামেং,নতুন দিল্লী, মুম্বাই, লণ্ডন, উত্তৰ আমেৰিকা আৰু ছিংগাপুৰ।

সভাই কেন্দ্ৰীয় সমিতি আৰু জিলা সাহিত্য সভা তথা শাখা সাহিত্য সভাৰ জৰিয়তে ৫০০০ ৰো অধিক গ্ৰন্থ প্ৰকাশ কৰিছে। এইবোৰৰ ভিতৰত সভাই ইতিমধ্যে প্ৰকাশ কৰা নখন অসমীয়া বিশ্বকোষ উল্লেখযোগ্য।

অসম সাহিত্য সভাই ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত ত্ৰিপুৰা চৰকাৰৰ আৰ্থিক আৰু বস্তুনিষ্ঠ সহায়-সহযোগৰ জৰিয়তে ‘ব্ৰহ্মপুত্ৰ-গোমতী সাহিত্য সংস্কৃতি গৱেষণা কেন্দ্ৰ’ প্ৰতিষ্ঠা কৰিছে।

অসম সাহিত্য সভাই প্ৰদান কৰা একাধিক বঁটাৰ ভিতৰত অসমৰ ভাষা-সাহিত্য সংস্কৃতিৰ দুগৰাকী মনিষাৰ স্মৃতিত উৎসৰ্গীকৃত দুটি বঁটাৰ নাম উল্লেখ কৰিব পাৰি। দুবছৰীয়া এই বঁটা দুটি হ’ল ‘ভাৰতৰত্ন ড° ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা’ আৰু ‘ড° ইন্দিৰা গোস্বামী (মামনী ৰয়ছম গোস্বামী) ৰাষ্ট্ৰীয় সাহিত্য বঁটা’।

অসম সাহিত্য সভা বিভিন্ন অনুবাদ কৰ্মৰ সৈতে সক্ৰিয়ভাৱে জড়িত। পৃথিৱীৰ বিভিন্ন ভাষাৰ ধ্ৰুপদী সাহিত্য, সমকালীন আধুনিক সাহিত্য, সমালোচনা সাহিত্য আদিৰ উপৰি বিজ্ঞান-প্ৰযুক্তিবিদ্যা, সমাজ আৰু দৰ্শন শাস্ত্ৰ বিষয়ক একাধিক গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদৰ আঁচনি সভাই ৰূপায়িত কৰি আছে।

ড° কুলধৰ শইকীয়া

সভাপতি

ড° কুলধৰ শইকীয়া সাহিত্য অকাডেমী বঁটা অৰ্জন কৰা এগৰাকী বিশিষ্ট অসমীয়া চুটি গল্প লিখক আৰু নাট্যকাৰ৷ ২৭ খন গ্ৰন্থৰ ৰচনাৰে অসমীয়া সাহিত্যৰ ভৰাঁল চহকী কৰা ডঃ শইকীয়াই দিল্লী স্কুল অব ইকনমিক্সৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ , আই আই টি গুৱাহাটীৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ উপৰিও আমেৰিকাৰ পেনস্টেট বিশ্ববিদ্যালয়ত ফুলব্ৰাইট বৃত্তিপ্ৰাপক হিচাবে গৱেষণা কৰিছিল ৷... অধিক পঢ়ক

প্ৰকাশন

সবিশেষ পঢ়ক

সমাগত অনুষ্ঠানসমূহ

সবিশেষ পঢ়ক
Coming Soon !


সংবাদ বিজ্ঞপ্তি, বা-বাতৰি, অনুষ্ঠান

সবিশেষ পঢ়ক
নুনমাটিত শিশুসকলৰ বাবে 'সাধু শুনো' অনুষ্ঠান
জ্যোতি দিৱস
১৭ জানুৱাৰী, ২০২২
জ্যোতি দিৱস
ড<sup>0</sup> বীৰেন্দ্ৰ নাথ দত্ত, নীলমণি ফুকনক সম্বৰ্ধনা
অসমীয়া লোক সাহিত্যৰ বুৰঞ্জী উন্মোচন
অৰুণোদই দিৱস
১ জানুৱাৰী, ২০২২
অৰুণোদই দিৱস
অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন
হেম বৰুৱা সম্পাদিত পছোৱা উন্মোচন
অসম লোকসেৱা আয়োগৰ পাঠ্যক্ৰমত অসমীয়া ভাষাৰ প্ৰতি অসম চৰকাৰৰ অৱহেলাসূচক পদক্ষেপৰ তীব্ৰ বিৰোধিতা সাহিত্য সভাৰ
জাতীয় বিদ্যায়তনিক পৰামৰ্শ কোষৰ সভা
কৰ্ণধাৰ সমিতিৰ বৈঠক
২ ডিচেম্বৰ, ২০২১
কৰ্ণধাৰ সমিতিৰ বৈঠক
মামণি ৰয়ছম গোস্বামীৰ একাদশ মৃত্যু দিৱস
হাউলীত ৰজনীকান্ত বৰদলৈক স্মৰণ
নাট্যসম্ৰাট প্ৰফুল্ল বৰালৈ শ্ৰদ্ধাঞ্জলি
'স্বদেশ-স্বাভিমান'ৰ দ্বিতীয় অধ্যায় অনুষ্ঠিত
সত্ৰনগৰী বৰপেটাত ড<sup>0</sup> ভূপেন হাজৰিকাৰ একাদশ স্মৃতিদিৱস পালন
একাধিক সামাজিক-অৰ্থনৈতিক দিশ সম্বন্ধে নৱ-প্ৰজন্মৰ সূক্ষ্ম বিশ্লেষণ
অসম সাহিত্য সভা আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত কৰ্মশালা 'শুদ্ধ বানান শুদ্ধ উচ্চাৰণ'
অসমৰ সম্পদৰে নৱপ্ৰজন্মক চিনাকি কৰাৰ লক্ষ্যৰে অসম সাহিত্য সভাৰ অসম প্ৰজ্ঞা আঁচনি
ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰবাসী অসমীয়াৰ অংশগ্ৰহণেৰে বিষ্ণু ৰাভা দিৱস পালন
অসমীয়া লিপিৰ স্বকীয়তা প্ৰতিষ্ঠাৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টাৰ আহ্বান
অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিত
অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিত
'বেজবৰুৱাৰ 'পাটমুগী' আৰু অন্যান্য গল্পৰ ইংৰাজী অনুবাদ সংকলন উন্মোচন
'উত্তৰ লক্ষীমপুৰ চহৰত তিনিদীনিয়া জনগোষ্ঠীয় নাট সমাৰোহ
'বন্ধুত্বৰ সাঁকো'ৰে অসম সাহিত্য সভাৰ সম্প্ৰীতিৰ নিদৰ্শন
ক'ৰোনা, লকডাউনৰ সময়ৰ অনুভৱ আৰু ভাৱাবেগ সুঁৱৰি অসম সাহিত্য সভাৰ ব্যতিক্ৰমধৰ্মী অনুষ্ঠান
জনজাতীয় সাহিত্য সভাসমূহৰ বিষয়ববীয়াৰ সৈতে অসম সাহিত্য সভাৰ অন্তৰঙ্গ বিনিময়
লামডিংত বহুভাষিক কবি সন্মিলন অনুষ্ঠিত
কাৰ্বি আংলঙৰ হাওৰাঘাটত সভাৰ ‘জ্যোতি দিৱস’ উদ্‌যাপন
উদ্যোগী উদ্যম, ভৰপূৰ অসম' : থলুৱা যুৱ উদ্যোগীৰ সৈতে অন্তৰঙ্গ আলাপ
অৰুনোদই দিৱস উদযাপন
১ জানুৱাৰী, ২০২১
অৰুনোদই দিৱস উদযাপন
এমট্ৰনৰ বিশেষজ্ঞৰ দ্বাৰা সভাৰ কৰ্মচাৰীক গ্ৰন্হ ডিজিটাইজেচনৰ প্ৰশিক্ষণ
অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha
Asam Sahitya Sabha