ড° কুলধৰ শইকীয়া সাহিত্য অকাডেমী বঁটা অৰ্জন কৰা এগৰাকী বিশিষ্ট অসমীয়া চুটি গল্প লিখক আৰু নাট্যকাৰ৷ ২৭ খন গ্ৰন্থৰ ৰচনাৰে অসমীয়া সাহিত্যৰ ভৰাঁল চহকী কৰা ডঃ শইকীয়াই দিল্লী স্কুল অব ইকনমিক্সৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ , আই আই টি গুৱাহাটীৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ উপৰিও আমেৰিকাৰ পেনস্টেট বিশ্ববিদ্যালয়ত ফুলব্ৰাইট বৃত্তিপ্ৰাপক হিচাবে গৱেষণা কৰিছিল ৷ লন্ডন গ্ৰন্থমেলাত ভাৰতক প্ৰতিনিধিত্বকৰাৰ উপৰিও দেশৰ অন্যান্য বিদ্যয়তনিক আলোচনাত সমল ব্যক্তি হিচাবে আমন্ত্ৰিত হৈছে৷ ইংৰাজীৰ বাদেও আন কেইবাটাও ভাৰতীয় ভাষালৈ ড° শইকীয়াৰ ৰচনা অনুদিত হৈছে৷ গল্পৰ বাবে তেখেতে মুনীন বৰকটকী আৰু কথা বঁটা লাভ কৰিছিল৷ ভাৰতীয় পুলিচ সেৱাৰ এগৰাকী বিষয়া ড° শইকীয়াই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে l