
অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন ‘উত্তৰ-পূৰ্বাঞ্চলৰ মানচেষ্টাৰ’ৰূপে খ্যাত কামৰূপ জিলাৰ বস্ত্ৰনগৰী শুৱালকুছিত যোৱা ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰি, ২০২০ খ্ৰীষ্টাব্দ তাৰিখে অনুষ্ঠিত হৈছিল। প্ৰায় বিছ লাখ জনসাধাৰণে অংশগ্ৰহণ কৰা এই অধিৱেশনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় তিনি হাজাৰ প্ৰতিনিধি আৰু শতাধিক বিশিষ্ট লেখক, সাহিত্য-সমালোচক, গৱেষক সমবেত হৈছিল।
অধিৱেশনৰ দ্বিতীয় দিনা অৰ্থাৎ ২ ফেব্ৰুৱাৰি তাৰিখে অনুষ্ঠিত হৈছিল প্ৰথম মুকলি সভা। এই সভাত সভাপতিত্ব কৰিছিল সভাৰ নৱনিৰ্বাচিত সভাপতি ড° কুলধৰ শইকীয়াই। ইয়াৰ আগতে ড° শইকীয়াক এক বৃহৎ, বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মঞ্চলৈ আদৰি অনা হৈছিল। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন জনজাতি আৰু জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে। বিশিষ্ট বাংলা সাহিত্যিক তথা শান্তিনিকেতনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰামকুমাৰ মুখোপাধ্যায়ে মুখ্য অতিথিৰূপে উপস্থিত হৈ এই মুকলি সভা উদ্বোধন কৰে।
অধিৱেশনৰ দ্বিতীয় মুকলি সভা অনুষ্ঠিত হয় ৩ ফেব্ৰুৱাৰি তাৰিখে। ড° কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসমৰ মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। এই মুকলি সভাতে ২০১৯ খ্ৰীষ্টাব্দৰ ‘ড° ইন্দিৰা গোস্বামী (মামনী ৰয়ছম গোস্বামী) ৰাষ্ট্ৰীয় সাহিত্য বঁটা’ প্ৰদান কৰা হয় বিশিষ্ট মাৰঠী সাহিত্যিক বিশ্বাস পাটিলদেৱক। নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সহযোগত সভাই প্ৰদান কৰা এই বঁটাত আছে স্মাৰক, মানপত্ৰ, গ্ৰন্থৰ টোপোলা, সম্বৰ্ধনা সামগ্ৰী আৰু তিনি লাখ টকাৰ চেক্। উল্লেখযোগ্য যে বঁটা প্ৰদান অনুষ্ঠানত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ পৰিচালন সঞ্চালক এছ. কে. বৰুৱা বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল।
চাৰিদিনীয়া অধিৱেশনৰ অনুষ্ঠানসমূহ বিশাল ব্ৰহ্মপুত্ৰ নৈৰ পাৰত প্ৰায় ডেৰশ বিঘা মাটি আৱৰি অস্থায়ীভাৱে নিৰ্মাণ কৰা পাঁচখন মঞ্চত অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য অনুষ্ঠানসমূহ :